হাজং সাধু কথা
Controversyহাজংসকলৰ সাধু কথা: সাত ভাই আৰু নাৰী(বিধবা) মাও পলা

হাজং জনগোষ্ঠীৰ সাধুকথা (কিৰসৗ)[1]

অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা হাজং সকলৰ মাজত সাধু কথা অথবা হাজং ভাষাত কিৰসৗ পূৰ্বৰে পৰাই প্ৰচলিত হৈ আহিছে। সাধু কথাবোৰে মানুহৰ ধৈৰ্য শক্তিৰ লগতে আজৰি সময়খিনি অপব্যয় নকৰাকৈ কেনেকৈ সময়বোৰ অতিবাহিত কৰিব পাৰি সেই ক্ষেত্রত যথেষ্ট উপকাৰ সাধন কৰে। পূৰ্বৰ ব্যক্তিসকলে কোনো এটা ঠাইলৈ বিভিন্ন কামত কেইবাগৰাকী লোক একেলগে দলবান্ধি কিম্বা ধান অথবা চাউল অথবা শাক-পাচলি আদি বিক্ৰী কৰিবলৈ খোজেৰেহে গৈছিল যিহেতু তেতিয়াৰ দিনত বৰ বেচি গাড়ী অথবা চাইকেলৰ প্ৰচলন নাছিল আৰু খোজেৰে ইমান দীঘল বাট কেনেকৈ পাৰ হৈ যাব সেই কথা উপলব্ধি কৰি তেওঁলোকৰ মাজৰে কোনোবা এজনে তেখেত বয়সত ডাঙৰো হব পাৰে বা সমনীয়াও হব পাৰে সাধু কথা সুন্দৰকৈ কব জানিলে হ'ল। সকলোৰে সিধান্ত মৰ্মে তেওঁলোকৰ মাজৰে এজনে সাধু কবলৈ আৰম্ভ কৰে আৰু বাকী লোকসকলে শুনি শুনি কেতিয়া ঘৰৰ কাষ পাইছিল সেই কথা তেওঁলোকে গমে পোৱা নাছিল।এনেকৈ তেওঁলোকে সাধুকথা উপভোগ কৰি কৰি দূৰৈৰ বাটসমূহ চুটি কৰাৰ উত্তম কৌশল বুলি অনুভৱ কৰিছিল। সাধুকথাবোৰ এনেকৈ কোৱাৰ উপৰিও বিশেষকৈ সৰু লৰা-ছোৱালী সকলৰ আগত বেচিকৈ কোৱা পৰিলক্ষিত হৈছিল আৰু তেওঁলোকে এদিন শুনাৰ লগে লগে সদায় ককা-আইতাসকলক সন্ধিয়া হোৱাৰ লগে লগে অথবা খোৱাৰ পিছতে হওঁক অথবা কিছু পঢ়া শুনা কৰিয়ে হওঁক সাধু শুনাবলৈ খাটনি কৰা দেখা গৈছিল । আৰু তেওঁলোকৰ অনুৰোধ উপেক্ষা নকৰি সাধু এটা এটাকৈ যিমান পাৰে কবলৈ আৰম্ভ কৰিছিল। সাধু কথা অথবা কিৰসৗ কোৱাৰ পূৰ্বে কওঁতাজন তেখেতৰ চাৰিওফালে বহুকেইজনক গোট খোৱাই কাষতে বহুৱাই লোৱাৰ লগতে তেখেতে কোৱা সাধু কথাখিনি ভালদৰে শুনিবলৈ অনুৰোধ কৰে আৰু শ্ৰোতাসকলেও মনে মনে শুনি যোৱাৰ লগতে মাজে মাজে হাঁহি হাঁহি ভাগৰি যায় আৰু শ্ৰোতাসকলে মাজে মাজে তাৰ পিছত কি? তাৰ পিছত কি? বুলি কৈ কৈ জানিবলৈ অধিক আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছিল আৰু এই সাধু কথা অথবা কিৰসৗ বিশেষকৈ সন্ধিয়া সময়ত খোৱা-বোৱা শেষ কৰি অথবা ভাত পানী নোখোৱাৰ পূৰ্বেও কোৱা পৰিলক্ষিত হৈছিল । পূৰ্বতে গাঁও সমূহত বিদ্যুতৰ ব্যৱস্থা প্ৰায় নাছিল আৰু সেই বাবে গাঁৱত বসবাস কৰা লোক সকলে চাকি, লেম্প আদি জ্বলাইছিল আৰু তেতিয়া বাহিৰতে চোতালত জোনৰ পোহৰত বহি কিম্বা চাকি অথবা লেম্প জ্বলাই হলেও সাধু কথা অথবা কিৰসৗ কৈ গৈছিল ককা আইতা সকলে আৰু এনেকৈয়ে ককা-আইতা সকলে নাতি-নাতিনী সকলক সাধু অথবা কিৰসৗ কৈ কৈ আমোদ দি আহিছিল। সিহঁতেও সাধু অথবা কিৰসৗ শুনি শুনি কোনো কোনোৱে ককা নতুবা আইতাৰ কোলাতে শুই পৰিছিল। এই সাধু কথা অথবা কিৰসৗ প্ৰত্যেক দিনাই তেওঁলোকৰ কোৱাটো অভ্যাসত পৰিণত হৈছিল। নাতি-নাতিনী সকলেও শুনিবলৈ কাকতি-মিনতি কৰা পৰিলক্ষিত হৈছিল। আৰু এই সাধু কথা অথবা কিৰসৗ ডাঙৰ-সৰু সকলোৱে কাষতে বহি শুনি গৈছিল। অথচ সম্প্ৰতি এই বোৰৰ প্ৰচলন ক্ৰমানয়ে নাইকিয়া হব ধৰিছে। এইবোৰ ক্ৰমানয়ে হেৰায় যোৱা লৌকিক কথাবোৰ ধৰি ৰখাটো তেওঁলোকৰ এক নৈতিক দায়িত্ব। ককা আইতা সকলৰ মুখত আখৈ ফুটাদি ফুটে সাধু কথা অথবা কিৰসৗ। সাধু কথা অথবা কিৰসৗ সকলো ব্যক্তিয়ে কব নোৱাৰে কবলৈ প্ৰয়াস কৰা দেখা যায় যদিও তেওঁলোকে ৰসাল ভাৱে কবলৈ অপাৰগ হয়। সাধু কবলৈ হ'লে কওঁতাজন ৰসাল হলেহে শ্ৰোতাসকলে শুনি আমোদ পোৱা পৰিলক্ষিত হয়। সম্প্ৰতি সাধুকথাবোৰ প্ৰায় প্ৰচলন নাই বুলিয়ে কব পৰা যায়। কেৱল হাজংলোকসকলৰ মাজতে নহয় আন আন জাতি-জনগোষ্ঠীৰ মাজতো প্ৰচলন নাই বুলি কলেও বঢ়াই কোৱা নহ'ব। আচলতে সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছুমান বস্তু নাইকীয়া হবলৈ গৈ আছে। এনেকুৱা কিছুমান সাধু কথাই হওঁক অথবা আন কাহিনীৱে হওঁক এই সকলোবোৰ আজিৰ প্ৰজন্মই শুনিবলৈ অথবা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলেহে পূৰ্বৰ দৰে সৰু ডাঙৰ সকলোৱে কথাবোৰ বুজি পোৱাৰ লগতে এই কথাবোৰ সমাজৰ মাজত প্ৰচলিত হৈ থাকিব। তলত কিছুমান সাধুকথা অথবা কিৰসৗ উল্লেখ কৰিব বিছাৰিছোঁ।

সাধুকথা সাত ভাই আৰু নাৰী(বিধবা) মাও পলা--- এদিনাখন পুতেকে ডাঙৰ হৈ মাকক সুধিলে -মা দেউতাই জীয়াই থাকোঁতে কি কাম কৰিছিল? পুতেকৰ কথা শুনি মাকে উত্তৰ দিলে - বাপু তোমাৰ দেউতাৰাই মানুহক ঠগি ঠগি খাইছিল। তেতিয়া পুতেকে কলে-হয় নেকি? অ। কিছুদিনৰ পিছত পুতেকে মাকৰ পৰা আদলি ১০ টকা বিচাৰিলে মাকেও দিলে আৰু সেই ১০ টকা লৈ বজাৰলৈ গ'ল । বজাৰৰ পৰা ৫ টকাত ঘোঁৰা এটা কিনিলে আৰু ৫টকা এটা ঘূৰাই পালে। ঘোঁৰা কিনোতে কিনোতে সন্ধিয়া হল। বাটত সাত(চৰা) অৰ্থাৎ সাত জন মামাৰ ঘৰ আৰু তেওঁলোকৰ ঘৰতে ৰাতি কটোৱাৰ কথা ভাৱিলে। ভৱা মতে গৈ গৈ মামাহঁতৰ ঘৰ পালে আৰু মামাহঁতক কলে যে -- মামা মই আজি আপোনালোকৰ ঘৰত ৰাতি থাকিম। তেওঁলোকে ভাগিনৰ কথাত মান্তি হল আৰু থাকিবলৈ ঠাই দিলে। লগতে ঘোঁৰাৰ কথা কলে যে মামা মোৰ ঘোঁৰাটো বান্ধি থব লাগিব। তেতিয়া মামাহঁত কলে-- ভাগিন এই গছতে বান্ধি থোৱা। ভাগিন কলে ---মামা বাহিৰত বান্ধি থলে ন'হব ঘৰৰ ভিতৰত বান্ধিব লাগিব ভাগিনৰ কথা উপেক্ষা নকৰি খালি ঘৰ এটাত বান্ধিবলৈ দিলে। তাৰ পিছত ৰাতি ভাতখাই শুই পৰিল। ৰাতি পুৱা সকলোৰে আগত বিছনাৰ পৰা শুই উঠি বজাৰ পৰা ঘোঁৰা কিনোতে ঘূৰাই পোৱা আদলি ৫ টকাৰে ঘোঁৰাই হাগি বা পাইখনা কৰি থোৱা পাইখনাত এনেই লাখুটিৰে খুছুৰী খুছুৰী থাকোতে মামাহঁতে বিছনাৰ পৰা শুই উঠি এজনে ভাগিনৰ কাষলৈ আহিলে আৰু কলে ভাগিন কি কৰি আছা এনেকৈ। তেতিয়া ভাগিনে উত্তৰ দিলে ইছ নকব মামা মোৰ ঘোঁৰাটো সদায় পাইখনা কৰোঁতে পাইখনাৰ সৈতে টকা ওলাই আহে। সেই কাৰণে মই ঘোঁৰাটো ঘৰৰ ভিতৰত বান্ধো। কালি ঘোঁৰাটোৱে ভালদৰে ঘাঁহ খাবলৈ নাপালে সেইবাবে আজি কেৱল মাত্ৰ ৫ টকাহে পাইখনা কৰিছে ভালদৰে ঘাঁহ খাবলৈ পালে সদায় বেচি টকা পাইখনা কৰে। মামাই ভাগিনৰ কথাত বিশ্বাস কৰিলে। আৰু তেওঁলোকৰ মাজত আলোচনা কৰি ঘোঁৰাটো ৰাখিবলৈ চিন্তা কৰিলে। এইবাৰ ভাগিনে ভাত-পানী খাই অলপ সময় জিৰণি লৈ যাবলৈ সাজু হোৱাত মামাহঁতে ভাগিনৰ ঘোঁৰাটো দিবলৈ ভাগিনক কবলৈ ধৰিলে। ভাগিনে প্ৰথমতে তেওঁলোকৰ কথাত অমান্তি হয় কিয়নো ভাগিনৰ একমাত্ৰ ঘোঁৰাটোৰ ওপৰতে ভৰসা যিহেতু তেখেতৰ কোনো উপাৰ্জন নাই। তেখেতে মামাহঁতক কবলৈ ধৰিলে -- মামা মোৰ ইয়াৰ বাহিৰে আন কোনো উপাৰ্জন নাই ইয়াক লৈয়ে মই আৰু মা জেনেতেনে দিনবোৰ অতিবাহিত কৰি আছোঁ কিন্তু আপোনালোকে সচাঁকৈ যদি ঘোঁৰাটো লব বিচাৰে তেন্তে এটা কাম কৰক আপোনালোকে সাত গৰাকী ভাই-ককাই গতিকে আপোনালোকে মোক কিবা এটা উপায় কৰিব লাগিব আৰু সেই উপায়টো হ'ল মোক কেৱল সাতশ টকা দিলে মই ঘোঁৰাটো দি দিম। সাতশ টকাৰ কথা কোৱাৰ লগে লগে তেওঁলোকে সাতশ টকা দি বিদায় দিলে। এইবাৰ ভাগিন তেওঁলোকৰ ঘৰৰ পৰা গৈ থাকোঁতে পথাৰত দুটা শিয়ালৰ পোৱালি দেখা পালে আৰু লগে লগে ঘৰলৈ লৈ গৈ বান্ধি ৰাখিলে।এই ফালে মামাহঁতে ঘোঁৰাটো ৰাতিত ঘৰৰ ভিতৰত বান্ধি থৈ ৰাতিপুৱা শুই উঠি দেখিলে যে ঘোঁৰাটো পাইখনা কৰোঁতে এটকাও ওলাই নহাত ভাগিনক বিভিন্ন ধৰণৰ গালি সপনি দি দি ঘোঁৰাক কোবাই কোবাই মাৰি পেলালে। তাৰ পিছত সকলোৱে ভাগিনক কোবাই কোবাই মৰাৰ কথা চিন্তা কৰি কৰি ভাগিনৰ ওচৰত যাবলৈ ওলাল । ইপিনে ভাগিনে মাকক কলে যে, মা আজি আমাৰ ঘৰলৈ সাত জন অতিথি আহিব। গতিকে আপুনি গৰম পানী দি ৰাখিব আৰু লগতে দালি আৰু কণী ভাজি থব ভাত খাবৰ কাৰণে এনেকে কৈ তেখেত বজাৰলৈ যাবলৈ ওলাল লগত এটা শিয়াল পোৱালিটোক লৈ। ভাগিনে বাটেৰে গৈ থাকোঁতে থাকোঁতে ঠিক সেই সময়তে তেওঁলোকেও একেটা বাটেৰে আহি থাকোঁতে ভাগিনজনক বাটতে লগ পালে আৰু কলে যে, ভাগিন তুমি দিয়া ঘোঁৰাটো দেখোন পাইখনা কৰোঁতে এটা টকাও নোলাল তুমি আমাক ঠগি কিয় টকা ললা। তেনেতে ভাগিনে কলে মামা আপোনালোকে ঘোঁৰাটো কিয় লগত লৈ নাহিলে মই আপোনালোকক টকাখিনি ঘূৰাই দিলোহেঁতেন ।আকৌ এজন মোমায়েকে ক'লে -- ভাগিন আমি ঘোঁৰাটো কোবাই কোবাই মাৰি পেলালো। তেনেতে ভাগিনে দুখ প্ৰকাশ কৰি ক'লে কিয় ঘোঁৰাটো মাৰিব লাগে এতিয়াটো আৰু একো উপায় নাই। যি কি নহওঁক আহিছে যদি আমাৰ ঘৰখনকে চাই যাওঁক বলক। ভাগিনৰ কথা মতে সকলোৱে যাবলৈ ৰাজি হ'ল । যোৱাৰ আগতে কোলাত থকা শিয়ালৰ পোৱালিটোক কবলৈ ধৰিলে যে, হেৰা তুমি এটা কাম কৰিবা ঘৰত গৈ মাকক খবৰটো দিবা যে অতিথি সাত জন আহি আছে যিহেতু ঠাণ্ডাৰ দিন গতিকে ভৰি ধুবলৈ গৰম পানী কৰিবলৈ , দালি আঞ্জা আৰু কণী ভাজি সোনকালে ৰেদি কৰি থবলৈ ।যাতে আমি গৈ সোনকালে খাবলৈ পাওঁ। এনেদৰে কৈ শিয়ালৰ পোৱালিটোক এৰি দিলে আৰু লগে লগে সি দৌৰি পলাই গুচি গ'ল। তেওঁলোকে কিন্তু একো গম নাপালে যিহেতু ঘৰত আৰু এটা শিয়ালৰ পোৱালি বান্ধি থোৱা আছিল। মাকে এটা বুলিহে জানে। লাহে লাহে তেওঁলোকেও ঘৰ গৈ পালে সচাঁকৈয়ে ভাগিনে শিয়ালক কোৱাৰ দৰে মাকে সকলো যোগাৰ কৰি ৰাখিছে। আৰু তেওঁলোকেও কিন্তু কথাটো বিশ্বাস নকৰি থাকিব নোৱাৰিলে । এই সকলো কথা কিন্তু মাকক আগতেই কৈ থৈছিল। এইবাৰ ভৰি হাত ধুই খাবলৈ বহিল আৰু সকলোৱে একেলগে খাই বই উঠি মামাহঁতে যোৱৰ বাবে চিন্তা কৰিলে। এইফালে কিন্তু লাহে লাহে ৰাতিও হৈ আহিছে। এইবাৰ ভাগিনৰ পৰা শিয়ালৰ পোৱালিটোক বিচাৰিলে। এজনে কলে--- ভাগিন শিয়াল পোৱালিটোক আমাক দিয়া। তেনেতে ভাগিনে কবলৈ ধৰিলে যে মামা মই যদি আপোনালোকক শিয়ালৰ পোৱালিটো দি দিও তেন্তে আমি কেনেকৈ চলিম। মই কৰবাত কৰবাত গলে লগত লৈ যাও আৰু মোৰ খবৰ খাটি মাকক দিয়েহি গতিকে পোৱালিটোক দিলে মোৰ বৰ অসুবিধা হব দেখোন এই বুলি কোৱাৰ পিছতো দিবলৈ যোৰ কৰাত পোৱালিটো দিবলৈ মান্তি হ'ল। ভাগিনে কলে মই দিয়াটো দিব পাৰিম অথচ মোক কিছু টকা আপোনালোকে দিব লাগিব কথা মতে তেওঁলোকেও মান্তি হল আৰু লগে লগে ভাগিনক টকা দি পোৱালিটো লৈ পোৱালিটোক তেওঁলোকেও কবলৈ আৰম্ভ কৰিলে যে হেৰা তুমি আমাৰ ঘৰত গৈ কবা যে তেওঁলোকে অহা বহুত ৰাতি হ'ব গতিকে যিহেতু ঠাণ্ডাৰ দিন ভৰি হাত ধুবলৈ গৰম পানী কৰি ৰাখিবলৈ আৰু ভাত পানী বনাই থবলৈ । এনেদৰে কৈ শিয়ালৰ পোৱালিটোক এৰি দিলে আৰু তেওঁলোকেও লাহে লাহে গৈ থাকোঁতে থাকোঁতে ঘৰ গৈ পাওঁতে ৰাতি বহুত হল। দেখিলে ঘৰৰ সকলোৱে নিদ্ৰামগ্ন। তাৰ পিছত ঘৰৰ 4মানুহখিনিক মাতি গৰম পানী, ভাত আদি যোগাৰ কৰি থবলৈ কোৱা কথাখিনি কবলৈ ধৰিলে কিন্তু ঘৰৰ মানুহে কলে যে আপোনালোকে আহিবনে নাহিব একো গম নাপাও গতিকে এইবোৰ একো যা-যোগাৰ কৰিব নোৱাৰিলোঁ। তেওঁলোকে আচৰিত ,কিয়নো শিয়ালৰ পোৱালিটোক খবৰ দিবলৈ পঠাই দিলো অথচ পোৱালিটো নাহিল চালা আজিও আমাক ঠগিলে । তাক এনে এৰি দিয়া নহব ৰাতিটো যেনেতেনে কটাও কাইলৈ আকৌ গৈ তাক ধৰিব লাগিব। এইবাৰ সাতভাই যুক্তি হৈ যাবলৈ ওলাল। ইফালে ভাগিনে পুৱাতে আন এখন গাঁৱলৈ গৈ ভাল নাটক এটা অনাৰ কথা কৈ নাটক দেখুৱাৰ কাৰণে গাঁৱৰ মানুহক গোট খোৱাই পেণ্ডেল বনোৱা শেষ কৰি ভাল ভাল যাত্ৰা অথবা নাটক পাৰ্টি লৈ আহি নাটক দেখোৱাবলৈ ধৰিলে । সেই সময়তে তেওঁলোকেও আহি উপস্থিত হ'ল। আৰু সাতভাই যুক্তি হৈ ভাগিনক বস্তাত ভৰাই নদীত পেলাই দিয়াৰ কথা চিন্তা কৰিলে কিন্তু সিহঁতৰে কোনোবাই কলে যে এতিয়া ইয়াক নদীৰ পাৰতে থৈ দিও ঘৰলৈ যোৱা সময়ত নদীত পেলাই থৈ যাম,কিয়নো নাটকটো চাবলৈ বৰ ভাল লাগিছে। তেনেকৈ নদীৰ পাৰতে থৈ পুনৰ নাটক চাবলৈ আহিল। কিছুসময়ৰ পিছত সেই বাটেৰে কোনোবা এগৰাকী ব্যক্তিয়ে হাতীত উঠি লগত হাতী পোৱালিক লৈ আহি থকা গম পাই হাতী মাওটক কাকতি মিনতি কৰি কলে যে হেৰা ককাই কোন হয় মই বৰ বিপদত পৰিছো মোক উদ্ধাৰ কৰক । তেখেতেও লগে লগে হাতীৰ পিঠিৰ পৰা নামি দেখিলে যে অ নাৰী মাও পলা দেখোন। তাৰপিছত সি বস্তাটো খুলি তেওঁক উলিয়াই আনি বস্তাত মাটি ভৰাই আগৰ ঠাইতে ভালদৰে থৈ দিলে। তাৰ পিছত হাতী মাউতক কলে এ কি কৰিলে ইটো । এটা কাম কৰক না আপোনাৰ হাতী পোৱালিটোক মোক অলপ সময়ৰ বাবে দিয়কছোন মই পিছত আকৌ ঘুৰাই দিম বুলি কৈ হাতী পোৱালিটোক ললে। কিছুসময়ৰ পিছত নাটক চোৱা বাদ নদীৰ পাৰত থকা বস্তাটো পানীত পেলাই দি আকৌ নাটক চাবলৈ আহিল যিহেতু নাটকটো চাই বৰ ভাল লাগিছিল। কিছুসময়ৰ পিছত ভাগিনে নাটক চলি থকা পেণ্ডেলৰ কাষেৰে সাউট সাউদ কৈ মাত লগাই লগাই গৈ থাকোঁতে স্তম্ভই দেখা পালে আৰু লগে লগে ভাগিনৰ ওচৰলৈ আহি ভাগিনক কলে যে ভাগিন এই হাতী পোৱালিটো ক'ত পালা। তেতিয়া ভাগিনে উত্তৰ দিলে আৰে মামা পানীত বহুত হাতী আছে মই সৰু বুলিহে এটাহে পালো আপোনালোকে যদি সাতভাই সাত ঠাইত যায় তেন্তে সাতজনেও পাব। হয় নেকি বুলি কৈ তেওঁলোকেও পানীত নামিবলৈ চিন্তা কৰিলে আৰু ভাগিনক কথাখিনি কলে। ভাগিনে কলে , আপোনালোকে সাতজনে সাতটা বস্তা লৈ আহক মই বস্তাত ভৰাই ভৰাই এটা এটাকৈ পানীত পেলাই দিম। আৰু সেই মতে বস্তাত আনি দিলে। ভাগিনেও বস্তাত ভৰাই ভালকৈ বান্ধি এটা এটাকৈ পানীত পেলাই দিয়াৰ লগে লগে সাতভাই মৰি থাকিল ।

সাধুৰ সহায়ক ব্যক্তি-শৈলেশ হাজং হৰিনাথপুৰ হাজং গাঁও, ধেমাজি (অসম) লেখক: সদানন্দ হাজং

  1. ^ "হাজংসকল | হাজংসকল ব্যক্তিসকলৰ বিষয় | অসমৰ আদি জন-জনগোষ্ঠীসকলৰ বিষয় | বৈচিত্ৰ্যময় অসম |". Retrieved 2022-08-11.