উপযোগিতা: উপযোগিতা অৰ্থবিজ্ঞানৰ প্ৰধান ধাৰণাসমূহৰ ভিতৰত উপযোগিতাৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ ৷ মানুহে নিজৰ অভাৱসমূহ পূৰণ কৰিবৰ বাবে বিভিন্ন ধৰণৰ দ্ৰব্য-সামগ্ৰী ব্যৱহাৰ কৰে ৷ মানুেহ সেইবোৰ দ্ৰব্য-সামগ্ৰীৰ প্ৰতিহে চাহিদা সৃষ্টি কৰে (সহজ অৰ্থত ক্ৰয় কৰে) যিবিলাক দ্ৰব্য-সামগ্ৰীয়ে মানুহৰ কােনো এক অভাৱ পূৰণ কৰিব পাৰে ৷ দ্ৰব্য- সামগ্ৰীৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা এই বিশেষ ক্ষমতাকে উপযোগিতা বুলি কোৱা হয় ৷ অন্য অৰ্থত ব্যক্তি এজনে কােনো এবিধ দ্ৰব্য উপেভাগ কৰি যি সন্তুষ্টি লাভ কৰে তাকেই উপযোগিতা বুলি কোৱা হয় ৷ উপযোগিতাৰ ধাৰণাটো মানুহৰ মানসিক অৱস্থাৰ লগত জড়িত ৷ ইয়াক মাথোঁ উপলব্ধি কৰিব পাৰি কােনো এবিধ দ্ৰব্যৰ উপযোগিতা কিমান সেইয়া নিৰ্ভৰ কৰে দ্ৰব্যটো উপেভাগ কৰা ব্যক্তিজনৰ ওপৰত৷ উদাহৰণস্বৰূপে এজন ভোকাতুৰ ব্যক্তিয়ে এটা কল খাই যিমান সন্তুষ্টি পাব আন এজন ব্যক্তিয়ে ( ভোকত নথকা) এটা কল খাই সিমান সন্তুষ্টি নাপাবও পাৰে ৷ উপযোগিতাৰ সৈতে নৈতিকতা বা বিধিগত ব্যৱস্থাৰ সম্পৰ্ক নাই ৷ এবিধ দ্ৰব্য উপভোগ কৰাটো নৈতিক হওক বা অনৈতিক হওক, দ্ৰব্যটোৰ উপভোগ সামাজিকভাৱে বাঞ্চনীয় হওক বা অবাঞ্চনীয় হওক তাৰ লগত উপযোগিতাৰ কোনো সম্পৰ্ক নাথাকে ৷ উদাহৰণস্বৰূপে, মাদক দ্ৰব্যৰ সেৱন কৰাটো অনৈতিক আৰু সামাজিকভাৱে অবাঞ্চনীয়, তথাপি যিসকলে মাদক দ্ৰব্য উপভোগ কৰে তেওঁলােকে তাৰ পৰা উপযোগিতা লাভ কৰে । উপযোগিতাৰ ধাৰণাটো সদায় ব্যক্তিগত আৰু আপেক্ষিক৷ সময় আৰু স্থান বিশেষে কোনো এবিধ দ্ৰব্যৰ পৰা লাভ কৰা উপযোগিতা পৃথক হ’ব পাৰে৷ আনকি একেজন ব্যক্তিয়েই সময় আৰু স্থানভেদে কোনো এবিধ দ্ৰব্যৰ পৰা লাভ কৰা উপযোগিতা বেলেগ হ’ব পাৰে। উদাহৰণস্বৰূপে,ঊণৰ কাপোৰ বা গৰম কাপোৰৰ পৰা শীত কালত যি উপযোগিতা পোৱা যায় জহকালত সেই উপযোগিতা পোৱা নাযায়৷ খেতিয়ক এজনৰ কাৰণে পথাৰত জাপি এটাৰ উপযোগিতা বহুত বেছি কিন্তু ঘৰৰ ভিতৰত তাৰ উপযোগিতা একেবাৰে শূন্য ৷ সেইদৰে মদাহী এজনৰ কাৰণে মদৰ উপযোগিতা যিমান আন এজন ব্যক্তিৰ কাৰণে তাৰ উপযোগিতা একেবাৰে শূন্য হ’ব পাৰে৷