Dibakar Borah Thengal

Dibakar Borah Thengal ( Assamese : দিবাকৰ বড়া ঠেঙাল ) He is a Social Worker. From Naharkatia Seuj Nagar - 786610 . Dist : Dibrugarh . State : Assam ( India )

২০১৮ চনৰ শুকুৰবাৰ ৩০ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ২ এপ্ৰিলৰ পুৱা ৯ বজালৈকে ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰৰ প্ৰৱেশ পথত ৭২ ঘণ্টীয়া অনশনত কাৰ্যসূচী ৰূপায়ন কৰে আৰু অনশন সামৰাৰ পিছতে ২ এপ্ৰিলৰ দুপৰীয়া ১২ বজাত আৰম্ভ কৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীৰ জনতা ভৱনলৈকে ( ৪৪৩ কিঃ মিঃ ) ‘ " অনুৰোধ যাত্ৰা " নাম দি একক প্ৰতিবাদী পদযাত্ৰা।

এই ‘অনুৰোধ যাত্ৰা’ মূলত আছিল ৰাজ্যখনৰ ১৫ টা জ্বলন্ত সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰাৰ লগতে উজনিৰ পৰা নামনিলৈ এক জনমত গঠন কৰা ।

মূল দাবী সমূহ:

১) অসম মহিলা বিশ্ববিদ্যালয়ৰ সকলো সমস্যা সমাধানৰ লগতে শৈক্ষিক পৰিৱেশ গঢ় দিয়াত গুৰুত্ব প্ৰদান।

২) নাৰী সুৰক্ষা প্ৰদান লগতে ধৰ্ষণকাৰী সকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কঠোৰ আইন প্ৰণয়ন ।

৩) উচ্চ মানদণ্ডৰ শিক্ষাখণ্ডৰ বৃদ্ধিৰ লগতে কম খৰচত উচ্চ শিক্ষাৰ ব্যৱস্থা।

৪) যুৱপ্ৰজন্মক চৰকাৰী আঁচনিৰে আৰ্থিক ভাৱে সহায় ।

৫) শস্যৰ উচিত মূল্য প্ৰদানেৰে খেতিয়কক সুৰক্ষা ।

৬) চাহ শ্ৰমিকসকলৰ দৈনন্দিন মজুৰি বৃদ্ধিৰ লগতে সা সুবিধা প্ৰদান।

৭) মূল্য বৃদ্ধি ৰোধ।

৮) অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্য্যাদা, আন্তঃৰাষ্ট্ৰীয় সীমান্ত চীল কৰা, বানক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা,

৯) অসমৰ শিল্প সকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰী পদক্ষেপ গ্ৰহণ ।

১০) তৈল ক্ষেত্ৰসমূহৰ ব্যক্তিগত খণ্ডক বিক্ৰী কৰা সিদ্ধান্ত বাতিল ।

১১) নাগৰিকত্ব আইন সংশোধন বিধেয়ক ২০১৬ বাতিল ।

১২) অসমৰ খেলুৱৈ সকলে প্ৰতিভা বিকাশৰ বাবে উপযুক্ত মঞ্চ প্ৰদান কৰাৰ লগতে চৰকাৰী সা- সুবিধা প্ৰদান ।

১৩) সাংবাদিকক সুৰক্ষা প্ৰদানৰ লগতে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰী পদক্ষেপ গ্ৰহণ ।

১৪) নতুন উদ্যোগ গঢ়াৰ লগতে মৃত অৱস্থাত থকা উদ্যোগ সমূহ কাৰ্যকৰী কৰি তুলিবলৈ পদক্ষেপ গ্ৰহন ।

১৫) ড্ৰাগছ মুক্ত অসম গঢ়াত উচিত চৰকাৰী পদক্ষেপ ।